0 00 1 min 5 yrs 103
বহাগীয়ে মেলানি মাগিলে
মোৰ সোণাৰু ফুলৰ হালধীয়া আবিৰ লৈ |
তোমাৰ এবুকু এজাৰ…. কিয় সঁজালা
মোৰ কাঁইটীয়া পদূলিৰ ধাপে-ধাপে
হৃদয়ত উম লোৱা অনন্ত পিয়াসী
এটুকুৰা আঁচলেৰে  ঢাক দিলোঁ
টানি টানি  |
তোমাৰ এজাৰ ৰঙী হাঁহিটিয়ে
দুনাই কৰেহি আমনি
মোৰ সুপ্ত ৰক্ত কলিজাৰ পাহিত
বন্ধনৰ লো শিকলি ছিঙি
হৈ পৰে উন্মাদনা
বসন্তৰ কামনাৰ জীয়া জুই |
তুমি মানে এটি গান
বৰষুণৰ
সদ্যস্নান এটি পক্ষী যেন
সূৰ্যমুখী ফুল হৈ
ঢালি দিয়ে  মোৰ কোমল বুকুত
এটি  মৃদু  প্ৰেমৰ বিষ |
লৈ ফুৰো ডালে-পাতে
সেউজীয়া কাহিনী|
লিখা নাথাকলেও
তোমাৰ বুকুত
মোৰ আউল লগা স্বপ্নাতুৰ নাম |

Leave a Reply

Your email address will not be published. Required fields are marked *