0 00 1 min 5 yrs 195
`মাংকান কাৰ্বি সকলৰ এক ধৰ্মীয়  উত্‍সৱ | এই উত্‍সৱৰ জৰিয়তে মৃতকৰ আত্মা স্বৰ্গলৈ যাত্ৰা কৰে |   যদিও বিজ্ঞান সন্মত নহয় তথাপি আত্মা আৰু মানুহৰ সম্পৰ্ক আৰু আত্মাক সন্মান বা শ্ৰদ্ধাৰ যি চিন্তা সেয়া আদিমৰ পৰা চলি অহা সমাজৰ  এক অলিখিত  পৰম্পৰা | পুনৰ্জন্ম বিশ্বাসী কাৰ্বি সকল মৃতকৰ সত্‍কাৰ অতি  উল্লেখনীয় য’ত নাৰীৰ দ্বাৰা মূল কাৰ্য্য সমাপন কৰা হয় | চ`মাংকান তেনে এটা মৃতলোকৰ পুন: সত্‍কাৰৰ এক অনুষ্ঠান | চ`মাংকানত আগভাগ লোৱা মহিলাক ওচ্ছেপী বুলি কোৱা হয় | তেওঁ লগত সহায়ক হিচাপে চাৰ্হেপী ( সাধাৰণ অৰ্থত গায়িকা কিন্ত মৃতকৰ সত্‍কাৰত  তেওঁৰ অৰ্থটো কান্দনী হিচাপে বুজোৱা হয়  ) অসংখ্য থাকে |
চ`মাংকান ঘৰুৱা বা ব্যক্তিকেন্দ্ৰিক অনুষ্ঠান হ`লেও  এক উত্‍সৱৰ ৰূপ লৈছে | ই এক কাৰ্বি জনজীৱনৰ বহুৰঙী সাংকৃতিক অনুষ্ঠান | চ`মাংকানৰ কলাকৌশলে  এক কলা-কৃষ্টি  লৈ ৰূপান্তৰিত হৈছে | কৃষি কলাৰ বাহিৰে কাৰ্বি জনজাতীয় সাংস্কৃতিক  সকলো  উপাদান
চ`মাংকানত সম্বনয় ঘটিছে |
চ`মাংকান তিনি ধৰণে কৰাৰ ব্যৱস্থা আছে |
ক) কানফ্লাফ্লা , খ) লাংটুক আৰু গ) হাৰ্ণে |
চ`মাংকান এক ব্যয়বহুল ধৰ্মীয় অনুষ্ঠান | একেৰাহে  চাৰিদিন  চলে থাকে  বিভিন্ন নিৰ্দিষ্ট শিতানেৰে এক মেলা সদৃশ | প্ৰতিষ্ঠিত যিমান কাৰ্বি গাঁও আছে সকলোকক নিমন্ত্ৰণ কৰা হয় আৰু ডেকা , বুঢ়া বেলেগ বেলেগ দল হৈ উপস্থিত হয় | তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা সকলো  গৃহস্থয়ে বহন কৰিব লাগে |
চ`মাংকান তিনিধৰণে কৰা হয় যদিও সকলো প্ৰকাৰৰ চ`মাংকানৰ অন্তৰ্নিহিত আদৰ্শ একে | মূলত এজন মৃত লোকৰ নামত কৰা হয় যদিও পৰিয়ালৰ চ`মাংকান আগে যিমান স্বৰ্গগামী হয় তেওঁলোকৰ আত্মাক  (পুতলা সাঁজি ) পুণ: সত্‍কাৰ কৰি তেওঁলোকক স্বৰ্গাৰোহণৰ পথ কাল্পনিক ভাৱে মুকলি কৰি দিয়ে | অন্যহাতেদি গৃহস্থৰ অঙহী-বঙহী সকলেও যদি তেওঁলোকৰ ঘৰৰ মৃতলোকক  চ`মাংকান কৰিব খোজে তেন্তে গৃহস্থক আগেয়ে জনাই থব লাগে |
  চ`মাংকানৰ  ডেকা গাভৰুৰ দীঘলীয়া শাৰীৰ নৃত্য লানি নিচিগাকৈ চেংপি ( ঢোল  ) ৰ ছেৱে ছেৱে অশ্লীল উকিৰে  মুখৰিত হয় |  ই চ`মাংকানৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান | বিভিন্ন ঠাইৰ পৰা অহা  ডেকা-গাভৰু তেওঁলোকে নৃত্য   কৰে | যৌৱনসুলভ মিলনৰ এক পৰিবেশ |
চ`মাংকানত ব্যৱহৃত আহিলা পাতি ::চেংপি (ডাঙৰ ঢোল ) , চেংচ`( সৰু ঢোল ) , বান জাৰ ( বাঁহেৰে সজোৱা মৃতকৰ যমপুৰীৰ ঘৰৰ প্ৰতীক , জাম্বিলী আথন ( কাৰ্বিৰ প্ৰতিষ্ঠিত গাঁৱৰ প্ৰতীক , কাঠেৰে সঁজোৱা ভীমৰাজ চৰাইৰ খোদিত এক দণ্ড ) |
চ`মাংকানত প্ৰয়োজনীয় মৃতকৰ সাঁজবোৰ বয়সস্থ ঘৰোৱা কামৰ পৰা বিৰতি লোৱা মহিলা সকলেহে বৈ  উলিয়ায় |  পুৰুষ মৃতকৰ বাবে চইহংথৰ (চোলা ) , ৰিকং ( কৌপীন ) , প`হ` ( গামোচা ) আৰু মহিলা মৃতকৰ বাবে পিনি ( মেখেলা ) , পেকক ( চাদৰ ) , ৱামকক ( কঁকালত মাৰা ৰছী ) , জিৰ ঈক ( ওৰণিৰ কাপোৰ ) আদি |
চ`মাংকান পৰিচালনাৰ বিশেষ ব্যক্তিসকল ::দহুইদি (বৰ ঢোল বাদক ) , চাৰ্হেপী (কান্দনী বা বিননি গীতৰ গায়িকা ) , ওচেপী ( চ`মাংকান কাম কাজৰ মূল গৰাকী ,  আৰম্ভণিৰ পৰা শেষলৈ তেওঁঁ পৰিচালনা কৰে ) , অবকপী ( চ`মাংকানৰ এক উল্লেখনীয় পৰ্ব হ`ল  শ্মশানত মৃতকৰ অস্থি সংগ্ৰহ , এই অস্থি অবকপীয়ে বোকোচা লৈ আনিব লাগে ) | সংসাৰৰ কামত ব্যস্ত মহিলায়ে এনে কাম কৰিব নোৱাৰে |
চ`মাংকানৰ প্ৰস্ততি অতি মন কৰিবলগীয়া | ব্যয়বহুল আৰু সম্পূৰ্ণ চাৰিদিনীয়া সকাম গতিকে কেইবাখন গাঁৱৰ মানুহ আহি সা-সঁজুলি , মদ , ছাগলী , কুকুৰা , গাহৰি আদিৰ সহায়ৰ আগবঢ়ায় |  প্ৰতিটো স্তৰ আলোচনাৰ মাজেৰে আগবাঢ়ি যায় |
অতিথি আপ্যায়ন চ`মাংকানৰ এক বিৰল নিদৰ্শন | ই এক গৃহস্থৰ ব্যক্তিগত সকাম যদিও ৰাইজৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এক মৰ্য্যদাসম্পন্ন উত্‍সৱ | বিভিন্ন ঠাইৰ পৰা অহা অতিথিক সুচাৰুৰূপে আতিথ্য প্ৰদান কৰে |
দূৰণিবটীয়া অতিথিৰ লগতে বিশেষ আমন্ত্ৰিত অতিথি গৃহস্থ আৰু সহধৰ্ম্মিণীৰ মোমায়েক , গৃহস্থৰ ভনী , বাই , ভাগিন | তেওঁলোকে চ`মাংকানৰ  বিশেষ অনুষ্ঠান সমূহৰ আগভাগ লব লাগে | ইয়াৰ ওপৰিও গাঁৱৰ বিভিন্ন বাব থকা ব্যক্তিসকলক নিৰ্দিষ্টকৈ আমন্ত্ৰণ কৰা হয় |
চ`মাংকানৰ আলহী সকলক তেওঁলোকৰ পদৱী বা সামাজিক  মৰ্য্যদাঅনুসৰি শিৱিৰ বোৰৰ নামাৰণ কৰা হয় | সেই অনুযায়ী নিজা নিজা শিৱিৰত  থাকে | পুৰোহিত শ্ৰেণী ব্যক্তিসকল যেনে:: কুৰুচাৰ , ওচা , কাখ্ৰে  আদি লোকে চ`মাংকানৰ ঘৰত বা শিৱিৰত খোৱা বোৱা নকৰে |
চ`মাংকানৰ অন্য এক উল্লেখ্য শিতান হ`ল মচেৰা কেহিৰ ( আবৃত্তি ) | কাৰ্বিসকলৰ উত্‍পত্তিৰ যি গীতি কবিতা , লোক গাঁথাৰ  দীঘলীয়া কবিতা প্ৰত্যেক প্ৰতিষ্ঠিত গাঁৱৰ ডেকা -গাভৰুৱে সঁজাই তোলা জাম্বিলী আথনৰ গুৰিত সমবেত হৈ আবৃত্তিৰে মুখৰিত কৰে বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি সকলে  | ই চ`মাংকান কাৰ্য্যৰ লগত জড়িত নহয় যদিও কাৰ্বিসকলৰ অতীত আৰু বৰ্তমানৰ যোগসূত্ৰৰ ধাৰা |
ইয়াৰ  ওপৰিও চ`মাংকানৰ বিভিন্ন আমোদজনক শিতান আছে যাৰ বাবে ই মৃতকৰ আত্মাৰ সদ্গতিৰ কাজ যদিও কাৰ্বি সমাজৰ সাংস্কৃতিক উত্‍সৱ  বুলিয়েই পূৰ্বৰ পৰা মহা আড়ম্বৰে উত্‍যাপন কৰা হয় |  চ`মাংকান ক`ত , কেতিয়া হয় সেয়াহে সঠিককৈ কবলৈ টান |

Leave a Reply

Your email address will not be published. Required fields are marked *