আপোন বুলিবলৈ কোন আছে ?
সকলো আপোন সকলো পৰ
সময়ৰ চকৰীত ঘুৰি পাৰ হৈ যায়
আপোন পদূলি
আঁতৰি যায় চকুৰ চিনাকি
মাথোঁ ..ৰিপ্ ৰিপ্ মলয়াৰ দৰে
কলিজাৰ কোনোবা খিনিত
চকুৰে নমনা বীজাণুৰ হৈ
ৰিপ্ ৰিপাই থাকে
তুমি মোৰ কোনোবা আছিল বুলি
আপোন বুলিবলৈ কোন আছে ?
তথাপিতো…..
জীৱনৰ সৌন্দৰ্য্য বুলি তোমাৰ মোৰ
আপোন পৰ হৈ
দুখৰ নিশা নিশাতে শুকুৱাই থৈ
সুখৰ নিহালি জাপে জাপে
আটি লও !!!!!!!
ঘাটে ঘাটে হেঙুলীয়া কিৰণৰ সুবাসত
নয়ন অশ্ৰু সৰে গোলাপৰ নিয়ৰ
তোমাৰ এটি চাৱনিতে
কঁপে মোৰ আবেগৰ মৌন ওঁঠ
নাজানো তুমি মোৰ কিমান আপোন কিমান পৰ !
তোমাৰ বুকুত ঠাইৰ অভাৱ
নাই কোনো কথা ….
বান্ধি থলোঁ মোৰ ভগ্ন কেঁচা বুকুত
ববচা বনেৰে ঢকা
সেউজী সেউজী সাজোনৰ
মানৱতাৰ সতেজ ছবি |
সময় পালে পৰশিবা ….
আল্পুত হ’ম মই
তোমাৰ মৃণাল কান্তি পৰশ |
আপোন বুলিনো কোন আছে ?