0 00 1 min 5 yrs 89
যোৱা দহমাহ ধৰি চিগাৰেট হোঁপা নাই
চিগাৰেট এৰি দিছোঁ।
স্মৃতি আৰু চকুলোৰ হাতত
তুলি দি নিক’টিনক
দহমাহ দহদিনলৈ উভতি গৈছোঁ।
দহমাহৰ আগতে ডাক্টৰে ক’লে —
ছাই হ’বা
ছাই হোৱা দেৰি কৰিবলৈকে
ছাই কৰাতো এৰাঁ।
চিগাৰেট এৰিলোঁ
চল্লিশ বছৰ ধৰি যি ছাই হৈছিল
ওঁঠৰ জুহালত ।
ছাই সানি মোৰ আত্মাৰ সৌন্দৰ্যক
যি নিজে জ্বলি ৰং চাইছিল
মোক নুমুৱায়।

Leave a Reply

Your email address will not be published. Required fields are marked *