0 00 1 min 3 yrs 171

নীলবাগানৰ সুলভ মনীলবাগানৰ সুলভ মূল্যৰ দোকানী আনোৱাৰ হুছেইনে ক’লা বজাৰত চাউল বিক্ৰী কৰাৰ কথা অস্বীকাৰ কৰিছে।হোজাই জিলাৰ নীলবাগান সমবায় সমিতিৰ অন্তৰ্গত সদৰ গাঁৱৰ আনোৱাৰ হুছেইন নামৰ সুলভ মূল্যৰ দোকানী জনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাতি বক্ৰপথৰে সুলভ মূল্যৰ চাউল বিক্রি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে পাছতে ঘটনাস্থলীত মোৰাজাৰ আৰক্ষী উপস্থিত হৈ উক্ত চাউল জব্দ কৰি থানালৈ লৈ গৈছিল।শনিবাৰে আনোৱাৰ হুছেইনৰ সুলভ মূল্যৰ দোকানত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ সকলো নথি পত্ৰ পৰীক্ষা কৰি চাউল বিতৰণ কৰাৰ অনুমতি প্ৰদান কৰে বুলি আনোৱাৰ হুচেইনে জানিবলৈ দিয়ে ।আৰক্ষীৰ তদন্তত পোহৰলৈ কি আহে সেয়া সময়ত হব লক্ষণীয়।

সংবাদ দাতাঃ সুমন ।

Leave a Reply

Your email address will not be published. Required fields are marked *