0 00 4 yrs 201

মোৰ চহৰত আজি 

সাংঘাটিক নিৰৱতা
কাৰণ 
তেওঁৰ দুভৰি যে আজি 
স্তব্ধ হৈ ৰৈ গল;
স্তব্ধ হৈ ৰল আজি তেওঁৰ বাহিৰ সেই মধুৰ সুৰ।
অন্ধকাৰত ডুবি নিসংগতাক সাৱতা মোৰ চহৰ আজি সেয়ে 
নিঃশব্দ নিস্তেজ,
মোৰ ভালপোৱাৰ 
হাই এলাৰ্ট জাৰী কৰিলে তেওঁ
প্ৰস্তাৱ দিলে নিৰৱে আতৰি অহাৰ !
তেওঁ বোলে প্ৰতিশ্ৰুতি দিব নোৱাৰে আজীৱন লগত থকাৰ
নোৱাৰে বোলে তেওঁ 
তেওঁৰ ভালপোৱাৰ এক অংশ মোৰ নামত এৰি যাবলৈ,
সেয়ে তেওঁৰ অনুৰোধ
তেওঁৰ পৰা আতঁৰি অহাৰ !!!
মোৰ ইনবক্সতো আজি সাংঘাটিক নিৰৱতা
কাৰণ 
তেওঁ যে আৰু মোৰ হৈ নাই;
এতিয়া আৰু তেওঁক
মেছেজ কৰি আমনি কৰাৰ অধিকাৰো যঃ আৰু মোৰ নাই,
ৰাতি দুপৰলৈ অনলাইন থাকি মোৰ মেছেজ ছিন নকৰিলেও 
তেওঁৰ ওপৰত অভিমান কৰাৰ অধিকাৰো মোৰ নাই !!
তেওঁৰ নামত ওলোৱা চকুলো বোৰকো 
তেওঁৰ নাম দিয়াৰ অধিকাৰৰ পৰা আজি মই খৰ্গহস্ত 
কাৰণ তেওঁ প্ৰতিশ্ৰুতি দিব নোৱাৰে বোলে আজীৱন কাষত থকাৰ,
ভৱিষ্যত এক হোৱাৰ
অথচ তেওঁৰে দুদিন আগৰ মেছেজত আছিল ভৱিষ্যতৰ কথা ।
আজিকালি মোৰ চহৰত
সুৰুযে নাঁহাহে
কথা নহৈ চৰাইবোৰেও আগৰদৰে 
মাঠো
মাঠো শুষ্ক দুচকুৰ পতা তিয়াই নামি আহে যেতিয়াই তেতিয়াই এজাক
আবতৰীয়া বৰষুণ 
বাৰে বাৰে জেকাই যাই বুকুৰ
কেঁচা ঘাঁৰ টুকুৰা ডোখৰ 
নিৰ্লিপ্ত ওঠঁত
বিষাদৰ চুমক 
দুহাতত জীৱনযোৰা শূন্যতা
কাৰণ 
মোৰ চহৰত আজি
মৰিশালিৰ সদৃশ নিৰৱতা 
কাৰণ হাঁহিৰ উত্সবোৰেই আজি মোৰ পৰা
হাজাৰ নিযুত দুৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *