0 00 1 min 3 yrs 215
নৱবৰ্ষৰ প্রথম দিনাই গোলাঘাটত সংঘটিত বহ সংখ্যক পথ দুৰ্ঘটনাৰ ঘটনা।
 জিলাখনত ১ জানুৱাৰীৰ দিনা সংঘটিত হয় ৮০ টাতকৈয়ো অধিক পথ দুৰ্ঘটনা।
 নিহত হয় এজন।
শোকাৱহ পথ দুৰ্ঘটনাত শাওঁতলী অঞ্চলৰ নিবাসী বীৰেন কুৰ্মী নিহত।
 ২০২১ ৰ আৰম্ভনিতেই গোলাঘাটত লাগিল কেনা। ইংৰাজী নৱবৰ্ষ ২০২১ ৰ প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত প্ৰায় ৮০ টাতকৈ অধিক পথ দুৰ্ঘটনা।
এজন ব্যক্তি নিহত হোৱাৰ উপৰিও প্ৰায় ৪০ জন লোক গুৰুতৰ ভাবে আহত হোৱাত কিছুমানক যোৰহাটস্থিত JMCH আৰু গুৱাহাটীস্থিত GMCH লৈও প্ৰেৰণ কৰা হৈছে।
সমগ্ৰ বিশ্বৰ লগতে গোলাঘাট জিলাবাসীয়ে নৱাগত বছৰটোক উলহ মালহেৰে আদৰণি জনোৱাৰ সময়তেই  জিলা খনৰ বিভিন্ন প্ৰান্তত সংঘটিত প্ৰায় ৮০ ৰো অধিক পথ দুৰ্ঘটনাৰ ভিতৰত গোলাঘাটৰ শাওতলিৰ নিৱাসী বীৰেন কুৰ্মী নামৰ লোকজন পথ দুৰ্ঘটনাৰ ফলতেই নিহত হয়।
 আনহাতে উন্নত চিকিৎসাৰ বাবে JMCH আৰু GMCH লৈ প্ৰেৰণ কৰা সকলৰ বাদেও প্ৰায় ৩০ গৰাকীতকৈ অধিক দুৰ্ঘটনাপতিত ৰোগী বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
গোলাঘাটৰ কেমৰা পাচন ৰিপন পটনায়কৰ মৈতে পূৰ্ণ বৰা Hourly times

Leave a Reply

Your email address will not be published. Required fields are marked *