0 00 1 min 4 yrs 218

জুইকুৰা আকৌ জ্বলিল

৮৩ ৰ  সেই আন্দোলনৰ জুইকোৰা..
এটিৰ প্ৰতিবাদী কণ্ঠ 
আজিও মন আছে 
চিঞৰ মাথোঁ চিঞৰ
এই জুই জ্বলিছে….. 
এই জুই জ্বলিব ইত্যাদি —
ৰিণিকি ৰিণিকি মন পৰে
সেই চিঞৰলৈ 
কিবা এটা শংকাৰে
কণমানি বুকুখন কঁপি উঠিছিল..
আইৰ বুকুত মুৰ গুজি
ভয় শংকাৰে শুই গৈছিলো ৰাতিটোলৈ ।
এতিয়াও  দেখুন
 সেই জুই আকৌ জ্বলিছে
আমি জানো আকৌ আইৰ বুকুত
কুছিমুছি কৈ সোমায় থাকিম ??
নে সেই জুইত জাপ দিম !
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *