গোলাপৰ দৰে মিচিকীয়াই হাঁহি থকা দুটা জীৱন মৰহি গল হঠাতে। এহাল প্ৰেমিক প্ৰেমিকা। পৰস্পৰে পৰস্পৰক কথা দিছিল যে তেওঁলোকৰ মাজত কেতিয়াও এৰা এৰি নহ’ব। একেলগে এখন সুখৰ সংসাৰ কৰাৰ সপোন আছিল। কিন্তু নিয়তিৰ কি কুটিল পৰিহাস। নিমিষতে সকলো থান-বান হৈ গ’ল। প্ৰতিশ্ৰুতিবোৰ যেন কৰবাত হেৰাই গ’ল। মৰহি গল আশাৰ কলিবোৰ।
হয় মই হিমাংশু আৰু নৱনীতাৰ কথা। জন্মদিনৰ দৰে পৱিত্ৰ দিনটোতেই তেওঁলোকৰ জীৱনলৈ নামি আহিল কাল অমানিশা । বুকুত অলেখ-অযুত সপোন পুহি ৰখা শিৱসাগৰৰ হিমাংশু আৰু নৱনীতাই জন্মদিন পালন কৰি ঘৰলৈ উভতাৰ সময়ত হঠাৎ এটা দুৰ্ঘটনাত মৃত্যুক সাৱতি লব লগা হয়। কন্দুৱাই গল সমগ্র অসমবাসী ৰাইজক। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক।