আমি দুয়ো
হাতে হাত ধৰি !
গহীন বাটৰ কাঁইট নুবুটলো ,
আন্ধাৰত শালীনতা বিচাৰি
জোনাকীয়ে তুলি ধৰে
সোণালী কিৰণ !
জোনবাই নাথাককেই বা
তৰালীয়ে গীত জুৰি নিচুকাব এই ধৰা !
সিহঁতে নুশুধে কাহানিও আমাৰ পৰিচয় ,
আমি যে সত্যৰ সন্ধানত !