ক’ৰ’বাত কিবা ভুল দেখিলে
তাই মাত মাতিবলৈ অলপো সংকোচ নকৰিছিল ,
নিৰ্ভয় মনেৰে তাই যুঁজ দিছিল ।
কিন্তু মইনা চৰাই এজনী
নিজৰ মাতটোৰ বাবেই কাৰাগাৰবদ্ধ ।
আজি কি হ’ল ?
তাইৰ দেহৰ প্ৰতিটো দেৱাংগ
তাইৰ অনুমতিৰ অবিহনেই
মুখাপিন্ধা দেৱতাৰূপী দানৱৰ হাতত জাহ গ’ল ।
আজি তাইৰ কি হ’ল ?
তাইৰ মন প্ৰতাৰণাই ভাঙি চূৰ-মাৰ কৰি গ’ল ।
নাই নালাগে তাইক
মৌখনা কথাৰে দয়া দেখাই
তাইক অকটা প্ৰতাৰণা কৰিবলৈ ।
নাই নালাগে তাইক
মিছা সাহস দি নৰকলৈ ঠেলা দিবলৈ ।
আজি তাই এক অজান ঠাইত
মুকলি আকাশৰ তলত
এজনী দেৱশিশুৰ দৰেই মন লৈ
শূণ্য আৱেগভৰ্তি এজনী পাগলী হৈ গ’ল ।
*-দিগন্ত দাস ।*