0 00 1 min 5 yrs 213
আইৰ হাতত ধৰি খোজটি শিকোঁতেই
  বাট এটাই দেখুৱাইছিল
   থুনুকথানাক 
    প্ৰেমৰ নিচিগা বাট —
  পৰিলেও উঠি এভৰি দুভৰি কাঢ়িবা ।
এতিয়া  পিচলুৱা ,আকলুৱা ,আলসুৱা
  বাটত পাবা অলেখ মিঠামাত !
  এইবোৰো প্ৰেমৰ নিচিগা বাট
  তাৰ পিছত
  কচাইখানাত কাচে প্ৰেমক
  শতদল নুফুলে  তাত ।
   ঘাটত পৰি প্ৰেমে  বিনায়
    বিচাৰি  অমাতৰ মাত
  প্ৰেমৰ যে  আছে আৰু  এবাট
  চিনিবা প্ৰেমৰ কপহুৱা কঠিন বাট ।

Leave a Reply

Your email address will not be published. Required fields are marked *