0 00 1 min 4 yrs 223
 নিৰিৱ জোনাক

পিতাই বাঁহীৰ সুৰ নোহোৱা হ’ল

পিতাই বাঁহীটো হেৰাল ক’ৰবাত ।
পিতাই বাঁহীৰ সুৰত বসন্তৰ জাননি
আজি পিতাই নাই বাঁহীৰ সুৰ নাই !
বসন্তৰ বতৰত পুৱাই কপৌজনী ঘৰৰ মূধচত পৰি
কুৰু কুৰু শব্দ কৰি কৰুণ বিননী ।
পিতাই বাঁহীত সন্ধিয়াটো জাহ গৈছিল
কোনোবা মিচিং নে কাৰ্বি জনগোষ্ঠীৰ বাঁহীৰ সুৰত।
পানী যুঁৱৰিত পিতাই বাঁহীৰ সুৰ বাজি উঠে
ওৰেৰাতি উচুপি থাকে নদী ।।
                 ————

Leave a Reply

Your email address will not be published. Required fields are marked *