চাহৰ পিয়লাত চুমুক দি হিচাপ কৰিছিলো
জীৱনৰ এক বেহিচাপী ক্ষতি,মিছা আৰু
সচা কিছু অনুভবৰ ।
চাহৰ পিয়লাটোৰ পৰা ওলোৱা ধোঁৱাই
হঠাৎ জ্বলাই দিলে সমগ্ৰতা ।
বুজি উঠিলো –
অন্যমনস্কতা অথবা অনভ্যাস অথবা অশিক্ষাই দিয়ে কিছু গভীৰ ঘা।
কৰাল মাৰি তেজ শুকাই ।
প্ৰান্তত আকৌ ঠন ধৰি উঠেছোন গভীৰতাৰে।
মই চাহৰ পিয়লাটোৰ প্ৰেমত পৰিলোঁ ।
কিয় জানা –
ই যে জীৱন নাওৰ সৰল উত্তৰ ।
আৰু প্ৰেমত পৰাৰ বাধা আছে জানো !
দুহাত প্ৰসাৰিত কৰি বতাহজাকক
সোধা-ইও কব মই তোমাৰ।
নিজহাতে ৰোপণ কৰা গোলাপৰ কলিটিও
মিচিকিয়াই হাঁহি এটি উপহাৰ দিব।
গৰম ধোঁৱাৰ দৰেই উৰি যাব
মৰীচিকাৰ মায়া ।
অংকুমণি ডেকা
মংগলদৈ ,দৰং ।