0 00 1 min 4 yrs 180

“বদনে আনিলে মান” শীৰ্ষক গীতটো সংগীত শিল্পী মানস ৰবীনৰ এটি দেশপ্ৰেমমূলক গীত । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে আন্দোলন চলি থকা সময়তে ডিচেম্বৰত গীতটোৰ অডিঅ’ মুক্তি পাইছিল । আজি সংগীতশিল্পী গৰাকীয়ে তেওঁৰ ফেচবুক পৃষ্ঠাত গীতটোৰ ভিডিঅ’ শ্বেয়াৰ কৰে আৰু লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে পুনৰ জোৰদাৰ আন্দোলন গঢ়ি তুলিবলৈ অসমবাসী ৰাইজক আহ্বান জনায় ।

তেওঁ লগতে আৰু কয় যে “প্ৰিয় অসমৰ সংগ্ৰামী জনগণ , 
  নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰতিবাদী আন্দোলনে আজি প্ৰায় আঢ়ৈ মাহ অতিক্ৰম কৰিলে ।  সংগ্ৰামত আঢ়ৈমাহ নিচেই তাকৰীয়া সময় , তথাপিও সংগ্ৰামৰ বাটত ৰাইজ মাজে মাজে থমকি ৰোৱাটো সাধাৰণ কথা ।  থমকি ৰোৱা ৰাইজক আগবাঢ়ি যাবৰ বাবে মনত শকতি আৰু সাহস সংগ্ৰামৰ নেতৃত্বই যোগান ধৰিব  লাগিব । পিছে সেই সংগ্ৰামী নেতৃত্বৰ মাজতেই যেতিয়া বিভেদ আৰু সন্দেহৰ বীজ ৰূপণ কৰি  আন্দোলনটোক ধ্বংস কৰাৰ বাবে শাসকপক্ষই  প্ৰচেষ্টা লৈ সামান্য পৰিমাণে সফল হয় তেতিয়া সংগ্ৰামী নেতা আৰু সংগ্ৰামী ৰাইজৰ প্ৰত্যেকৰে কান্ধত  ধৈৰ্য আৰু একাগ্ৰতাৰে সংগ্ৰাম খনক আগুৱাই লৈ যোৱাৰ দ্বায়িত্ব আহি পৰে ।
       সেয়ে নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰতিবাদী সংগ্ৰামখনৰ এৰি অহা উত্সাহী পৰিৱেশ আৰু পৰিস্থিতিখিনি পুনৰ এবাৰ পৰ্য্যবেক্ষণ কৰাৰ সময় আহি পৰিছে । যোৱা 10, 11 , 12 আৰু 13 ডিচেম্বৰত সংগ্ৰামী অসমীয়াই শাসকপক্ষৰ বুকু কঁপাই থৰকা-কাঁছুটি হেৰুৱাই দিয়া পৰিস্থিতিখিনিলৈ সকলোৱে মনত পেলাওঁক আৰু  আমাৰ ঐক্যবদ্ধ শক্তিৰ কিমান জোৰ নিজে নিজে উমান লওঁ আহক । শাসকপক্ষৰ কুটিল ষড়যন্ত্ৰৰ ফলত ক্ৰমান্বয়ে নিজৰ মাজত সৃষ্টি হোৱা  কাজিয়া পেচালবোৰ ইমানতে সামৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিপক্ষে এক ঐক্যবদ্ধ  আৰু জোৰদাৰ সংগ্ৰাম চলাবলৈ সকলো প্ৰস্তত হওঁ  আহক। যদিহে আমি এইদৰে নিজৰ মাজতে বিৰ্তকৰ সৃষ্টি কৰি সময় নষ্ট কৰো তেনেহ’লে শত্ৰু পক্ষৰ জয় হব আৰু উত্তৰ পুৰুষে আমাক কাহানিও ক্ষমা নকৰিব।
জয় আই অসম ।। “

Leave a Reply

Your email address will not be published. Required fields are marked *