ইটালী-ইংলেণ্ড, আমেৰিকা-চীন
ভৱিষ্যতত ভাৰাক্ৰান্ত ভাৰতবৰ্ষ
আই চি ইউত এডমিত সময়।
পৃথিৱীৰ অসুখ হ’লে
সময় ৰৈ যাব খোজে
পূবৰ বেলি খুপি খুপি খোজ কাঢ়ে
বতাহত বিয়পে আন্ধাৰৰ খবৰ
মৌন বুদ্ধ মূক ঈশ্বৰ।
পৃথিৱীৰ অসুখ হ’লে
বাটবোৰ অকলে শুই থাকে
পৃথিৱীৰ অসুখ হ’লে
সান্ধ্য আইন চলে
লক-ডাউন।
ৰাজনীতিকৰ ব্যস্ততা বাঢ়ে
শ্ৰমিকৰ চিন্তাৰ ঘাম সৰে
সাংবাদিকৰ দৌৰা-দৌৰি
ভেন্টিলেচনত পৃথিৱী!
চহৰবোৰে স্বভাৱ সলনি কৰে
জীপাল হৈ উঠে শ্মশান
স্তব্ধ প্ৰগতি
স্তিমিত অগ্ৰগতি।
পৃথিৱীৰ অসুখ হ’লে
কান্দিবলে’ কোনো নাথাকে
হাস্পতালৰ দুৱাৰ দুৱাৰ
অপেক্ষাৰ শেষ সংকেত
ঘড়ীৰ ঘণ্টাত বাজে
ব্লেক দে’
ডাৰ্ক দে’
নি:স্ব মুক্তি স্পৃহা।
পৃথিৱীৰ অসুখ হ’লে
বন্ধ হয় বিদ্যালয়-বিশ্ববিদ্যালয়
অফিচ-কাছাৰী,ৰে’ল-জাহাজ
চিটী বাছ, ডাকঘৰ, দোকান-পোহাৰ
হোটেল-পার্ক
মন্দিৰ-মছজিদ…
পৃথিৱীৰ অসুখ হ’লে
সকলো শুই পৰে
পৃথিৱীৰ অসুখ হ’লে
কেৱল মুখত মাস্কলৈ
সাৰে থাকে বিজ্ঞান…
✍ৰঞ্জিত পাটগিৰি