প্ৰতিটো কবিতাৰ আঁৰে আঁৰে
আছা মাথো তুমি।।
কবিতাৰ প্ৰত্যেকটো ছন্দতে
এতিয়া তোমাক বিচাৰি পাইছো
প্ৰত্যেকটো মুহুৰ্ততে এতিয়া মাথো
তুমাৰ অভাব অনুভৱ কৰিছো।
বৰষুণৰ প্ৰতিটো টোপালতে যেন
মোৰ চকু জুৰিয়ে তোমাকেই বিচাৰি ফুৰিছে ।।
হুৰহুৰকৈ অহা মলয়া বতাহজাকৰ লগত যেন তুমি আহি
মোৰ মন আৰু উতনুৱা কৰি তুলিছা
কলিয়া মেঘৰ আঁৰে আঁৰে
তুমি যেন মোকেই চাই আছা।।
প্ৰতিটো পুৱাৰ সুৰুযৰ পোহৰতো
যেন তুমিয়েই অাহি,
মোৰ চকুত চাট মাৰি ধৰিছা।।
তোমাৰ অভাবে মোৰ মনটোক ইমান আমনি কৰিছে যে
প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুতে
এতিয়া মই মাথো
তোমাৰ সন্ধান বিচাৰি পাইছো ।।
নাজানো এয়া কি হৈছে
কিন্তু মই অনুভৱ কৰিছোঁ
মোৰ মনৰ প্ৰকৃতি খনত
এতিয়া মই লিখি ললো
তোমাৰেই নাম।।
— *যুতিকা দেৱী*