0 00 4 yrs 219

ই শুলো

তুমিও শুই যোৱা
শুভ্ৰৰাত্ৰি
উজাগৰী ৰাতি লক্ষ্মণৰ কাতৰ আহ্বান
শুই যোৱা উৰ্মিলা

সুকোমল বিচনাত উৰ্মিলাৰ অবাধ্য আচৰণ
আহাঁ প্রিয়
ৰাজমহলৰ বন্ধ কোঠাত
তুমিহীন মই
বৰ এন্ধাৰ ইয়াত
তোমাৰ লগতে হেৰুৱালোঁ জীৱনৰ উজ্জলতা
আহাঁ প্রিয়

বনবাসৰ বেদনাত দগ্ধ
গছৰ পাততেই শয়নৰত
লক্ষ্মণৰ নীৰৱ বুজনি
তোমাৰ অভাৱত নীৰৱে জ্বলিছোঁ প্ৰিয়া
নিঃসংগতাত মুমূৰ্ষ মইও
তথাপি চোৱা
কৰ্তব্য আৰু দায়িত্বৰে উজ্বলি উঠিছে
তোমাৰ স্বামী
মই তোমাৰ অপৰিসীম ত্যাগৰ সাক্ষী
মই শুলো
তুমিও শুই যোৱা উৰ্মিলা


ৰাজমহলৰ ঐশ্বৰ্য বিভূতিক
অংগুষ্ঠ দেখুৱাই উচুপি উঠে উৰ্মিলা
লক্ষ্মণৰ অৰ্দ্ধাংগিনী
কণমান মৰমৰ স্পৰ্শ
কণমান আৱেগৰ শব্দ
কণমান সঁহাৰীৰ অভাৱত
নিঃস্ব নিঃকিন হৈ পৰে উৰ্মিলা
উৰ্মিলাৰ ওঁঠৰ অস্ফুট শব্দত 
কঁপি উঠে নিজম নিশা
আহাঁ প্রিয়
চাই যোৱা এবাৰ
ৰাজমহলৰ ঐশ্বৰ্যৰ ভৰত
মুমূৰ্ষ তোমাৰ প্ৰিয়া
চাই যোৱা এবাৰ
নিঃসংগতাত বিধ্বস্ত তোমাৰ প্ৰিয়াৰ সপোন
তোমাৰ বুকুৰ উমৰ ভীক্ষাৰী মই
আহাঁ প্রিয়

উৰ্মিলাৰ চকুলোত খহি পৰে
ৰাজমহলৰ দেৱাল
ছটা ছটাকৈ খহি পৰে মুধচ
খহি পৰে কাণৰ কেৰু
খহি পৰে গলপতা

অৰণ্যৰ বিশালতাত 
হেৰাই পৰে লক্ষ্মণৰ কাতৰ শব্দ
শুই যোৱা উৰ্মিলা
মোৰ প্ৰেম মোৰ প্ৰাণৰ প্ৰিয়া
শুই যোৱা

Leave a Reply

Your email address will not be published. Required fields are marked *