0 00 1 min 6 yrs 146
প্ৰতিজন অসমীয়াকে সুৰক্ষাৰ প্ৰয়োজন। প্ৰতিজনকে লাগে এটিকৈ পিষ্টল নতুবা দেহৰক্ষী। নহ’লে কোনে কি বুলি ভাবি মাৰ-পিট কৰিব ঠিকনা নাই।
অনুগ্ৰহ কৰি কালিৰ ভিডিঅ’টো আৰু শ্বেয়াৰ নকৰিব। কিমান সহিম আৰু আমি।
অসমীয়া বুলি কোৱাৰ পাছতো যিদৰে মাৰ-পিট কৰা হৈছিল সেইটো শুনিয়েই আচৰিত হৈছো।
আৰু সোপাধৰা বুলি!!!??? বাৰে বাৰে সন্দেহ উপজিছে কিয় কিবা যেন ৰহস্য সোমায় আছে । সোপাধৰা সন্দেহতে ইমান মাৰ-পিট কৰিব নে কোনোবাই???
বড়ো, কাৰ্বি, আহোম, কোচ, চুটীয়া, মিচিং আদি সকলো মিলিয়েইতো আমি অসমীয়া। এইয়াই নেকি অসম??? এইয়াই নেকি অসমীয়া জাতি???
আহোম স্বৰ্গদেউৰ বৰ অসমখন কাহানিবাই হেৰালেই এতিয়া জীৰ্ণকায়, নিশকতীয়া অসমখনো হেৰাই নোহোৱা হ’ব। ইমান বৰ্বৰ হৈ পৰিছো আমি অসমীয়া জাতি??
নে কাৰ্বি অসমীয়া নহয়েই????
জাতি-জাতি কৰি জাততে হেৰাবি অ অসমীয়া। নাথাকিব অসম, নাথাকিব অসমীয়া।
ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ হ’ব অসমৰ কাৰ্বিআংলংত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ’ল। এনেকৈ সম্প্ৰচাৰ নহয় যে কৈৱৰ্ত বা নাথ-যোগী সম্প্ৰদায়ৰ ল’ৰা এটাক কাৰ্বি-আংলং ৰ কাৰ্বি মানুহে মাৰিলে।
জাতিগত বৈশিষ্ট্য সকলোৰে নিশ্চয় থাকে। ধৰণ-কৰণ, চাল-চলন সেইখিনিতো ভিন্নতা থাকে। কিন্তু মৰম-চেনেহ, মানবীয়তা, ধৈৰ্য, শান্তিকামিতা এইখিনিতো জাতিগতভাৱে নাথাকে। তেনে ভুল কাৰ????
ভুল মানুহৰ অ, মাথো মানুহৰ… মানৱীয়তাৰ পতন ঘটিছে, হেৰাইছে মৰম, আৱেগ, ভালপোৱা। চাৰিওফালে মাথো আক্ৰোশ, খোৱা-কামোৰা।
কেৱল অসমীয়াই নহয় হেৰাই যাব সকলো মানুহ, থাকি যাব বৰ্বৰ কিছুমান দুঠেঙীয়া জন্তু……
জনাৰ্দন নেওগ

Leave a Reply

Your email address will not be published. Required fields are marked *