0 00 4 yrs 178

অৱশেষত চিৰদিনৰ বাবে চকু মুদিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই । 

ভাৰতৰ ত্ৰয়োদশ জন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী কিছুদিনৰ আগৰপৰাই চিকিৎসাধীন হৈ আছিল । প্ৰয়াত প্ৰণব মুখাৰ্জীয়ে ২০১২ চনৰপৰা ২০১৭ চনলৈকে ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল । কংগ্ৰেছৰ শক্তিশালী নেতা প্ৰণব মুখাৰ্জী ডাঙৰীয়াৰ জন্ম ১৯৩৫ চনৰ ১১ ডিচেম্বৰ তাৰিখে হৈছিল ।
ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই তেওঁক ২০১৯ চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল । 
তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়াকে আদি কৰি বিভিন্ন জনে টুইট কৰি শোক প্রকাশ কৰিছে । তেওঁৰ মৃত্যুত ভাৰতে এজন সুযোগ্য সন্তান হেৰুৱালে । তেওঁৰ মৃত্যুত ভাৰতৰ খালী হোৱা স্থান পুৰোৱা টান ।

Leave a Reply

Your email address will not be published. Required fields are marked *