✍ৰিয়া হাজৰিকা
নাজানো,
কিমান অহংকাৰ হ’লে নিজে দিয়া
প্ৰতিশ্ৰুতিবোৰো পাহৰিব পাৰে
নাজানো কিমান ভাল পালে
প্ৰতাৰণাৰ পাছতো অতীতক সুৱৰি চকুলো নিগৰে।
প্ৰেমৰ বিশাল সাগৰত
মুক্তমনে মেলি দিব নোৱাৰিলো জীৱনৰ নাও
সেয়ে ছাগে বন্দি আজিও একেটা ঘাটত
সময় হ’লেও নাচাই কোনেও
কিনো বা ৰৈ আছে পাৰত।
পিতাইৰ তৰ্জনী আঙুলিটো দেখিলে
আজিও জাগি উঠে শৰীৰত
ভয়ংকৰ শিহৰণ
তেনেস্থলত…
কেনেকৈনো কৰিমগৈ
প্ৰেমত অন্ধ হৈ
বিলাসী হোটেলৰ বন্ধ কোঠালীত
প্ৰেমৰ কথোপকথন ?
সেয়ে ছাগে
সময়ৰ স’তে সাঁতুৰিব নোৱাৰা বাবে
অসন্তোষ্ট হৈ দিলা বিসৰ্জন।
এবাৰ যদি বুজিলাহেঁতেন
যে-
ভালপোৱাৰ বাবে নালাগে চৰ্ত
পৰস্পৰৰ মাজত
সততা, বিশ্বাস আৰু ভৰষা থাকিলে
প্ৰতি মূহুৰ্ততে কৰিব পাৰি গৰ্ব। ।