0 00 1 min 4 yrs 175

এটা সুমথুৰ শব্দই মোক বিন্ধিছিল
সন্মুখৰ পৰা, মোৰ ফালে নোচোৱাকৈ,
ইপাৰ সিপাৰ নহল,
মূৰটো ভাঙি হৃদয়ৰ কৰবাত ৰৈ গল !
মোক হত্যা কৰি উধাও হৈছিল
মই মোক বিচাৰি গৈছিলোঁ,
শব্দৰ হাতত মোক দেখি
খিলখিলাই হাহিছিলোঁ
ক’ত যে হেৰাইছিল সি !
নিচা আৰু ৰাগী নে সেই শব্দত ?
শিৰা কোচ খাইছিল,ভাগৰি গৈছিলোঁ,
যৌৱনৰ সোণোৱালী পথাৰত শুই গৈছিলোঁ…
শব্দৰ নুপুৰৰ ৰুনজুন ধ্বনিয়ে মোক জগাইছিল,
ঘ্ৰাণ লৈছিলোঁ মই সিহঁতৰ,
সন্ধিয়াৰ লগ্ন হেৰুৱা নাছিল সিহঁতে
জোনাক অপেক্ষাত ! …………
জোনাকক সাক্ষী কৰি দুৱৰি গছকি
কৃষ্ণচূড়াৰ পৰশত অলেখ পিৰিতি তাত । 
লেবেজান হৈ পথাৰখন আকোঁৱালি
তাতেই পৰি ৰ’লো,,,
কোনো আক্ষেপ নাই, দায়বদ্ধতাও নাই ,
কাৰন প্ৰেম এনেকুৱাই ।
তুলা কাঁইটেৰে বন্ধা মই ।।
             মিদুল আলী 

Leave a Reply

Your email address will not be published. Required fields are marked *