0 00 1 min 4 yrs 220

প্ৰেম মাথোঁ এটি নহয়
 শব্দৰ সমাহাৰ
নহয় কোনো মূল‍্যৰে
জুখিব পৰা পণ‍্য সামগ্ৰী ।
ই হৈছে  মা-দেউতা 
ককাই-ভাই ,বন্ধু- বান্ধৱী তথা আপোনজনৰ মাজত
প্ৰবাহিত এখনি নৈ ।
যিয়ে গতি সলালেও
স্তব্ধ হৈ নপৰে ধাৰ
অবিৰাম বৈ থাকে
চিৰদিন চিৰকাল ।
কোনে কয় তুমি অভিমানী..?
কোনে কয় তুমি কেৱল
বিষাদৰ নিজৰা বোওঁৱা…?
কিন্তু মইটো কওঁ
তুমি শ্ৰদ্ধা, মৰম,ভালপোৱা আৰু অগাধ বিশ্বাসৰ ভাণ্ডাৰ।
সেইবাবেই টো
 নাম দিয়া হৈছে 
তোমাক প্ৰেম ।
       ✍🏻মুকুল সোনোৱাল

Leave a Reply

Your email address will not be published. Required fields are marked *