0 00 1 min 4 yrs 226
পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০ (EIA) ৰ বিৰোধীতা কৰি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম শিৱসাগৰ জিলা সমিতিৰ প্ৰতিবাদ :
ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰি কৰা “পৰিবেশ প্ৰভাৱ  নিৰূপণ অধিসূচনা, ২০২০” ৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা কৰে । এই অধিসূচনাই সামৰি লোৱা বিষয়কেইটাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল, বিশেষভাবে অসমৰ খিলঞ্জীয়া জনসাধাৰণলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই আনিব । সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে ভাৰতত চলি থকা  তলা বন্ধৰ সুযোগত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিয়ে । উক্ত অধিসূচনা যে পৰিবেশ হুৰক্ষাৰ স্বাৰ্থত নহয়, বৰঞ্চ পৰিবেশ সুৰক্ষা বিধি উলংঘা কৰিবলৈহে প্ৰণয়ন কৰা হৈছে সেই কথা ৰাইজে উপলদ্ধি কৰিছে । বিগত সময়ত ভাৰতবৰ্ষত পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ‘কাৰ্যোত্তৰ পৰিবেশ অনুমতি ‘ জাননী যোগে বহু প্ৰকল্প অবৈধ ভাবে স্হাপন কৰা হৈছিল । কিন্তু কাৰ্য্যত এই প্ৰকল্পসমূহে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত ২০১৭ চনত উচ্চতম ন্যায়ালয়ে পৰিবেশ মন্ত্ৰালয়ৰ অনুমোদন সমূহ নাকচ কৰি অবৈধ বুলি ঘোষণা কৰে । কিন্তু দুখৰ কথা যে ২০২০ চনৰ অধিসূচনা ত এনে ‘কাৰ্যোত্তৰ পৰিবেশ অনুমতি’ ক পৰোক্ষ ভাবে বৈধতা প্ৰদান কৰিছে । পৰিবেশ তথা  অন্যান্য বিধি ভংগ কৰি অনুমতি বিহীন ভাবে প্ৰকল্প বা উদ্যোগ চলাই যোৱা কাৰ্য্যক নিয়মীয়াকৰণ  কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে  এই অধিসূচনাত । এই অধিসূচনাই সামৰি লোৱা জলবিদ্যুৎ প্ৰকল্প, নিউক্লিয়াৰ প্ৰকল্প, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, তাপবিদ্যুৎ প্ৰকল্পকে ধৰি আন্ত: ৰাষ্ট্ৰীয় সীমান্তৰ এশ কি:মি: পৰ্য্যন্ত জনসাধাৰণৰ সকলো বাধাকো নেওচি প্ৰকল্প স্হাপন কৰাৰ বিষয়টোৱে নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জনসাধাৰণলৈ ভয়াবহতা নমাই আনিব । সেয়ে এই অধিসূচনা বিৰোধিতা কৰি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।
এই প্ৰতিবাদী কাৰ্য্যসূচীত “সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম, কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত দত্ত,  শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয়কৃষ্ণ দুৱৰা, সাধাৰণ সম্পাদক ৰাজেশ দাস উপস্হিত থাকে ।
অতি শীঘ্ৰে যদি এই পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০ বাতিল নহয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত দত্তই মন্তব্য প্ৰকাশ কৰে ।
নাজিৰাৰ পৰা নিপন বৰগোহাঁইৰ সহযোগত আব্দুল হালিমৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *