0 00 1 min 4 yrs 219

হয়, সুদীৰ্ঘ ৭ বছৰৰ মূৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ল নিৰ্ভয়াৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত ৪ অপৰাধীক । এই ন্যায় যেন সমগ্ৰ দেশবাসীৰ বাবে ন্যায় । ফাঁচীৰপৰা বাচিবলৈ বাৰম্বাৰ চেষ্টা কৰাৰ পাচতো বাচিব নোৱাৰিলে । পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুযায়ীয়ে অৰ্থাৎ আজি ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ফাঁচী কাঠত ওলমোৱা হয় ৪ পাষণ্ডক আৰু প্ৰায় আধা ঘণ্টা সময় উলমাই থোৱা পাছত চিকিৎসকে মৃত বুলি জানিবলৈ দিয়ে । 
  জানিব পৰা মতে ২০ মাৰ্চ অৰ্থাৎ আজিৰ দিনটো নিৰ্ভয়া দিৱস হিচাপে পালন কৰিব দেশবাসীয়ে । উৎফুল্লিত হৈ নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে “অবশেষত পলমকৈ হ’লেও ন্যায় পালে নিৰ্ভয়াই । ইয়াৰ পাছত  সকলো মাক-দেউতাকে নিজৰ সন্তানক বুজাব যে এনেকুৱা অপৰাধ কৰিলে কেনেকুৱা শাস্তি বিহা হয় । দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস বাঢ়িল ।”

Leave a Reply

Your email address will not be published. Required fields are marked *