0 00 3 yrs 216

বঙাইগাঁৱৰ মাণিকপুৰত বিগত ৩০ বছৰে পৰিত্যক্ত অৱস্থাত আছে অসম ৰাজ্যিক বস্ত্ৰ নিগম। ২৫০ বিঘা পৰিত্যক্ত মাটিত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী বিভিন্ন দল সংগঠনৰ।বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাস্থিত অসম ৰাজ্যিক বস্ত্ৰ নিগম যোৱা ৩০ বছৰে পৰিত্যক্ত অৱস্থাত আছে। অসম বিধান সভাত বঙাইগাঁও জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহন হোৱাত মাণিকপুৰ বাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে আনন্দিত হৈছে। চিকিৎসা মহাবিদ্যালয় খন নোৱাপাৰাস্থিত পৰিত্যক্ত অৱস্থাত থকা অসম ৰাজ্যিক বস্ত্ৰ নিগমত স্থাপনৰ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ মাণিকপুৰ বাসী ৰাইজে।

সংবাদ দাতাঃ আব্দুল কৰিম, মানিকপুৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *