0 00 3 yrs 176

বঙাইগাওঁ জিলাৰ ৩ নং ছালাবিলাত অবৈধ কাঠ মিল সহ কাঠৰ কুণ্ডা জব্দ।গছ থাকিলে মানুহ থাকিব। বায়ু মণ্ডলৰ ভাৰসাম্যতা ৰক্ষা হব। কিন্তু এচাম বিষয়াই দূষ্টচক্ৰৰ লগত মিতিৰালি কৰি নিজৰ মুনাফা আদায় কৰি আছে।আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ছালাবিলাত এক অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়।বঙাইগাওঁ উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত সহকাৰী বন সংৰক্ষকৰ লগতে বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই অবৈধ কাঠফলা কল উৎখাত কৰাৰ লগতে কিছু সংখ্যক অবৈধ কাঠ জব্দ কৰে। উক্ত কাঠ আৰু কাঠফলা মিলটো মানিকপুৰ উপ বন খণ্ড কাৰ্য্যালয়লৈ অনা হয়। উক্ত অবৈধ কাঠফলা কলৰ গৰাকী তথা চোৰাং কাঠৰ ব্যৱসায়িক কৰায়ত্ত কৰাৰ বাবে বনবিভাগে তদন্ত আৰম্ভ কৰিছে।সংবাদ দাতাঃ আব্দুল কৰিম ।

Leave a Reply

Your email address will not be published. Required fields are marked *