0 00 3 yrs 225

যি সময়ত চৰকাৰে নাৰী সবলীকৰণৰ তথা গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলা সকলক, স্বাৱলম্বীতা কৰাৰ উদ্দেশ্যেৰে আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন আঁচনি তথা আত্মসহায়ক গোট সমূহত ৠণ প্ৰদান কৰি মহিলা সকলক সৰ্বোত্ত প্ৰকাৰে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰি আছে, ঠিক সেই সময়তেই নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনীয়াভেটি গাঁও পঞ্চায়তত আত্মসহায়ক গোটৰ নামত চলিছে কেৱল দূৰ্নীতি আৰু অনিয়ম। অভিযোগ অনুসৰি,ধনীয়াভেটি গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ জীৱিকা সখী আনঞ্জুমা বেগমে অতি কৌশলেৰে লুটিছে লাখ লাখ টকা । অভিযোগ মতে, ধনীয়াভেটি গাঁও পঞ্চায়তৰ জীৱিকা সখী আনঞ্জুমা বেগমে একাংশ আত্মসহায়ক গোট সমূহত চৰকাৰী ভাবে আবণ্টন দিয়া দুই লাখ টকাৰ ৠণৰ পৰা বিশ হাজাৰ টকাকৈ আত্মসাৎ কৰিছে । যাকে কেন্দ্ৰ কৰি বুধবাৰে ধনীয়াভেটি গাওঁ পঞ্চায়ত প্ৰাংগনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ক্ষুদ্ধ মহিলাই ন্যায় বিচাৰি তথা জীৱিকা সখী আনঞ্জুমা বেগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আনঞ্জুমা মুৰ্দাবাদ, আমাক ন্যায় লাগে, বুলি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত পঞ্চায়তটোৰ জীৱিকা সখী আনঞ্জুমা বেগমৰ কুকৰ্মৰ বিষয়ে বৰ্ণনা কৰে।

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিৰ্পট

Leave a Reply

Your email address will not be published. Required fields are marked *