0 00 1 min 3 yrs 220

২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে  বটদ্ৰৱাৰ লালুং গাৱঁত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা এক পৈশাচিক অমানৱীয় ঘটনা । যত এগৰাকী নাৱালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষন কৰি জ্বলাই দিয়া হৈছিল । সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য হত্যাকাণ্ড । স্থান একেটাই ।বটদ্ৰৱাৰ লালুং গাওঁ । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত অৱৈধ সম্পৰ্ক নিজা ভিনিহিয়েক বাহাৰুল ইছলামে। যাৰ পৰিনতিত অন্তঃসত্বা হৈছিল নাৱালিকা গৰাকী । অন্তঃসত্বা নাৱালিকা গৰাকীক গৰ্ভপাত কৰাবলৈ লৈ আনিছিল মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ এখন ফাৰ্মাচীত । ফাৰ্মাচীখনৰ মালিক তথা স্বয়ম্ভূ চিকিৎসক দিলজাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে গৰ্ভপাত কৰাৰ নামত নাৱালিকা গৰাকীক হত্যা কৰে ।মৃতদেহটো নাৱালিকা গৰাকীৰ পৰিয়ালে লোকলজ্জাৰ ভয়ত লালুং গাৱলৈ নানি জুৰীয়াৰ দ গাওঁ কৱৰ স্থানত  কৱৰ দিয়ে এই বছৰৰ ২৩ জানুৱাৰীত ।কিন্তু  কৱৰস্থানত অচিনাক্ত লোকৰ কৱৰ দেখি অঞ্চলটোৰ লোকৰ মাজত কৌতুহলৰ সৃষ্টি হয় । ঘটনাৰ ন্যায় বিচাৰি বটদ্ৰৱা সংখ্যালঘূ গনতান্ত্ৰিক ছাত্ৰ ফেডাৰেচনে মৃত ছাত্ৰী গৰাকীৰ পিতৃ- মাতৃ , ভিনিহিয়েক আৰু স্বয়ম্ভূ চিকিৎসকৰ নামত  হত্যাৰ অভিযোগ তুলি মৰিগাওঁ জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীকো লিখিত আৱেদন জনায় ।ইয়াৰ পিছতেই বৃহস্পতি বাৰে দণ্ডাধীশৰ উপস্থিতিত  আৰক্ষীয়ে কৱৰ খান্দি মৃতদেহ আকৌ পোষ্ট মৰ্টেমৰ বাবে প্ৰেৰন কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত ।

Leave a Reply

Your email address will not be published. Required fields are marked *