আদিম হৈয়ে
পৃথিৱীলৈ আহে
এক অজানা শিহৰণত
চিঞৰি উঠিলেও
মানুহবোৰ তেতিয়া
এক বৰণহীন সুখত ডুব গৈ থাকে
পোছাক নিপিন্ধালৈকে
মানুহবোৰক কোনো বৈষম্যই
ঢুকি নাপায়
নেহেৰাই হিয়াৰ অমল উচ্ছাসত
অতন্দ্ৰ প্ৰহৰী হৈ ৰোৱা
বৰ্ণময় সময়
যেতিয়াৰ পৰা মানুহবোৰ
ৰঙ বিৰঙৰ পোছাকৰ মাজত
মেৰখাই পৰে
তেতিয়াই শ্ৰেণী বিভাজনে
মূৰ তুলি উঠে
আৰু মানুহ বোৰ হৈ পৰে
মূল্যৱান অথবা মূল্যহীন
পোছাকে বিভাজন মাতে
ৰজা-প্ৰজা,প্ৰভু-ভৃত্য,ধনী-দুখীয়া
ৰঙা,বগা, সেউজীয়া পোছাক বোৰৰ
কি যে অপাৰ মহিমা
পোছাক বোৰ সৌন্দৰ্য্যৰ অলঙ্কাৰ
পোছাকে ঢাকি ৰাখে
ক’লা,বগা শৰীৰৰ
কলুষতা আৰু অহঙ্কাৰ
যিদিনা মানুহ বোৰ পোছাক হীন হয়
সেই দিনা সকলো একেই মানুহ
একে তেজ মঙহেৰে গঠিত
আদিম মানুহ