0 00 1 min 5 yrs 224
     বন্য জীৱৰ বাবে খাদ্য যোগান ধৰিলে গুৱাহাটীৰ কেইজন মান যুৱকে। বানাক্ৰান্ত ৰাইজক চৰকাৰ তথা বিভিন্ন দল সংগঠন আৰু বেচৰকাৰী সংস্থা সমূহে বান সাহায্য প্ৰদান কৰাৰ সমান্তৰাল ভাবে বানৰ কবলৰ পৰা উদ্ধাৰ কৰা বন্য জীৱৰ বাবে খাদ্য সামগ্ৰীৰে সহায় আগবঢ়ালে গুৱাহাটীৰ কেইজন মান বন্যপ্ৰেমী যুৱকে। চলিত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানৰ পৰা মাতৃৰ পৰা বিচিন্ন হৈছিল তিনিটা গঁড় পোৱালী। বন বিভাগে গঁড় পোৱালী কেইটা উদ্ধাৰ কৰি পালনৰ বাবে ৰাখিছিল পানবাৰীৰ CWRC কেন্দ্ৰত। প্ৰতি দিনে একোটা গঁড় পোৱালীক খাদ্যৰ বাবে প্ৰয়োজন হয় ২০ লিটাৰ গাখীৰ। সেয়ে আজি গুৱাহাটীৰ উদ্যমী যুৱক কেইজনে গঁড় পোৱালীকেইটাৰ বাবে ২৭২ টা LECTOGEN 2. গাখীৰৰ পেকেট কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ উপস্থিতিত CWRC কেন্দ্ৰত প্ৰদান কৰে। বৰ্তমান কেন্দ্ৰটোত তিনিটা গঁড় পোৱালী সাতটা হাতী পোৱালীকে ধৰি বহুকেইটা বন্যপ্ৰানী পালিত হৈ আছে। পৰবৰ্তী সময়ত বন্য জীৱ সমূহক পুনৰ সংস্থানৰ কৰিব বুলি কেন্দ্ৰৰ চিকিৎসকে জানিব দিয়ে।
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *