উদং চোতাল
ঢোলে- দগৰে নাহিল বহাগ ..
নাছনীৰ পাঁজিসৰীয়া ভৰিৰ
পৰশ বিচাৰি
বন- দুবৰীয়ে কৰে হাহাকাৰ
ঢোলত চাপৰি
ঢুলীয়া বুলনিত
কৰ´নাই বান্ধিলে হাত..
বাৰীৰ কপৌ-ফুলে
ৰিঙিয়াই মাতিলেওঁ
শুৱনি নকৰে
নাচনীৰ নেঘেৰী-খোপাত …
বন্ধ মণিকুট
ৰুদ্ধ বাঁটচ’ৰা
গোসাঁই আৰ্শীষ লবলৈ
বিহুৱা মন আকুল কৰিলেওঁ
বিহুৱতীৰ মন সেমেকা …
ৰহঢলা পথাৰত
শুনা নাই পেঁপাৰ মাত
গোৱা নাই বিহু গীত …
“ৰিণিকি-ৰিণিকি
শুনিছো
ঢোলৰ মাত,
শুনিছো
ঢোলৰ মাত.
পেঁপাৰ মাতে বলীয়া কৰে”
ম্লান আহতৰ তল
মৌন চৌ দিশ
ৰঙালী বুকুত দহিছে
বিহু -সুৰ …
( বহাগ আহিব বছৰি ..শোক নাই বেজাৰ নাই ,সংকতৰ সময়ত বহাগে সাহস দিয়ে, বহাগে যে সমন্বয়ৰ সেতু বান্ধে ,বিনন্দীয়া পৃথিবীক ন’সাজ পিন্ধাই ..বহাগে দিয়ে অসমীয়াক প্ৰতিশ্ৰুতি …)
ৰাখী দত্ত শইকীয়া .