0 00 1 min 4 yrs 231
  তৰুণ মজুমদাৰ

ব’হাগ আহিল
ব’হাগ আহিল !
সহ্য কৰিব নোৱাৰি
কুলিটিৰ অসহায় বিননি
কেনেকে কওঁ সিহঁতক
“আৰু নেমাতিবি,যা…
এইবাৰ ব’হাগৰ অসুখ, ঘা…”
নাচনীৰ কঁকালৰ ভাঁজে- ভাঁজে
বিহুৱা ডেকাৰ দৰে নচা ঢোলটোৱে
ঢুলীয়াৰ কান্ধত ফ’টো উঠিছে দুখমনে।
আকাশত ৰং নাই
বতাহত বিহুগীত নাই
তাঁতশালত গামোচা নাই
খাটিখোৱাৰ জুহালত জুই নাই ।
এইবাৰ ব’হাগত জুবিন গাৰ্গ নাই
নাই মাজৰাতি বৰষুণৰ চোলা পিন্ধা ডেকাৰ 
“ঐ নাহৰ” চিঞৰ ।। 

Leave a Reply

Your email address will not be published. Required fields are marked *