0 00 1 min 5 yrs 207
১৬ এপ্ৰিল, বোকাখাতঃ
বোকাখাতৰ ৰজাবাৰিত সোমবাৰে ৰাতি বিহুমাৰি ঘৰলৈ আহি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ব’লেৰ পিকাপ ভানৰ খুন্দাত নিহত হয় ৰজাবাৰিৰ খগেশ্বৰ হাজৰিকা নামৰ এজন ব্যক্তি। অসম চৰকাৰৰ গাননিক বিভাগত জেষ্ঠ গাননিক হিচাপে কাৰ্যনিবাহ কৰি অৱসৰ গ্ৰহন কৰা হাজৰিকাৰ আকস্মিক বিয়োগত ৰজাবাৰিবাসী ৰাইজ মৰ্মাহত হৈ থকাৰ সময়তে মঙ্গলবাৰে সন্ধ্যা একে স্থানতে আন এক পথ দুৰ্ঘটনাই ৰাইজক আৰু মৰ্মাহত কৰে।  বাইক আৰু চেন্ট গাড়ীৰ মাজত সংঘৰ্ষত তিনিজন বাইক আৰোহি  আৰু এগৰাকী চেন্ট গাড়ীৰ মহিলা আৰোহী আহত হয়। বাইক আৰোহীৰ তিনিজনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক হোৱাত বোকাখাত ছহিদ কমলামিৰি চৰকাৰী চীকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি JMCH লৈ প্ৰেৰণ কৰে। আহত সকলৰ নাম হৈছে, সুৰেশ  বাউৰি, সন্তোশ ৰবি দাস, সুৱাস কৰ্মকাৰ আৰু ইভামনী দত্ত।বাইক আৰোহী তিনিজনে AS03W5792 নম্বৰৰ এখন বাইকতে কাজিৰঙাৰ দিশৰ পৰা দেৰগাৱঁৰ ঘৰলৈ গৈ থকা অৱস্থাত ৰজাবাৰিত AS03W5552 নম্বৰৰ চেন্ট গাড়ীৰ লগত সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হয়।পৰবৰ্তী সময়ত  চেন্ট খনৰ আৰোহী ইভামনি দত্তকো প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
বোকাখাতৰ পৰা
পপী শইকীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *