0 00 4 yrs 225
 ✍ দীপ হেষ্টিংছ বৰি

সম্প্ৰীতিৰ

এনাজৰী এডাল
বুকুৱে বুকুৱে শিপায় 
সৰ্পিল গতিৰে বগায়
মেৰিয়াই মেৰিয়াই বান্ধে
জেতুকাবুলীয়া প্ৰাণক
সমন্বয়ৰ
আঁচল এখন উৰি আহি
কৃষ্টিৰ দলিচাত পৰেহি
আঁচলত জিলিকে চহা জীৱনৰ ৰং
প্ৰকৃতিৰ সমূদ্ৰত সেউজৰ বন্যা
শুৱলা মাতে সোঁৱৰায়
চেনেহৰ বেথা
উথপথপ কলিজা সাত  আঠখন গা
গগন ফালি সোমাই যায় চাপৰ

Leave a Reply

Your email address will not be published. Required fields are marked *