নতুন বছৰ আৰম্ভ
হুঁচৰিয়ে কৰে বহাগত।
জেঠত ৰ’দে ধৰে
ৰুদ্ৰ মূৰ্তি।
আহাৰত বসুমতী
পৰে অসুচত।
শাওনত ধাৰাষাৰ বৰষুণ;
ভূই ৰোৱা ভৰ।
ভাদ মাহত পাল নাম। ;
দুয়ো গুৰু জনা তিথি।
আহিনত হি’ম কণা—;
পৰে দুৱৰীত।
কাতি মাহত তুলসী তলত;
জ্বলাই মাতি চাকি।
আঘোণত পকা ধানে –;
থাকে পথাৰ ভৰি।
পুহ মাহত ৰদালীক—-;
কুৱঁলীই থয় ঢাকি।
মাঘত শীততক খেদি
জ্বলাই মেজি।
ফাগুনত দিন জাৰ—;
বতাহ বলে সদায়।
চ’ৰৰ শেষত গছে-বনে —–;
কুহু কুহু পাতমেলি
বছৰ দিয়ে বিদায়।
পল্লৱী বৰুৱা