0 00 1 min 3 yrs 220

বিধায়ক নুৰুল হুদাৰ অৱহেলাৰ কাৰনেই
শিল্পী পেঞ্চনৰ পৰা বঞ্চিত জুৰীয়াৰ এজন ভাস্কৰ্য শিল্পী।

জুৰীয়াৰ দীনৰাম বৰা নামৰ এগৰাকী ৮৫বছৰীয়া বিশেষ ভাৱে সক্ষম ভাস্কৰ্য শিল্পী । যিজন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ধৰণৰ ভাস্কৰ্য। ন বছৰ বয়সৰ পৰাই শিল্প সাধনাত ব্ৰতী হৈ তেখেতৰ হাতৰ পৰশত প্ৰাণ পোৱা বিভিন্ন ধৰণৰ ভাস্কৰ্য আজিও সগৌৰৱে জিলিকি আছে অসমৰ বিভিন্ন প্ৰান্তত। শিল্পসাধনাৰ মাজেৰেই পৰিয়াল পোহপাল দিয়া এইজনা শিল্পীয়ে কিন্তু আজিকোপতি লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা,আনকি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পী গৰাকী। বয়সৰ লগে লগে ক্ৰমাৎ শিল্পী গৰাকী অসুস্থ হৈ পৰাত বৰ্তমানে যেন পৰিয়াল পোঁহপাল দিয়াৰ ক্ষেত্ৰতো অপৰাগ শিল্পী গৰাকী।

আজি সংবাম মাধ্যমৰৰ আগত বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ভাস্কৰ্য শিল্পীৰ পৰিয়াল তথা গাওঁ বাসীয়ে।
ভাস্কৰ্য শিল্পীজনে বিধায়ক নুৰুল হুদাৰ ওচৰত গৈ কাকূতি-মিনতি কৰিও কোনো সহায় নোপোৱাৰ অভিযোগ তুলিছে।

বিধায়ক জনে কোনো গুৰুত্ব নিদিয়াৰ বাবেই চৰকাৰে ঘোষনা কৰা শিল্পী পেন্চনৰ পৰা বঞ্চিত হল নেকি এই জন
ভাস্কৰ্য শিল্পী ।

সংবাদ দাতাঃ ৰেজাউল

Leave a Reply

Your email address will not be published. Required fields are marked *