0 00 1 min 4 yrs 174

অসমীয়াত এষাৰ কথা আছে যে “লোভেই পাপ আৰু পাপেই মৃত্যু” । আজিকালি কিছুমান ছোৱালীৰ ক্ষেত্ৰত এই কথাষাৰ ভালদৰে প্ৰযোজ্য হয় । বিলাসী গাড়ী আৰু টকা থকা মানুহ দেখি প্ৰথম চাৱনিতেই ভালপোৱা হৈ যায় কিছুমান ছোৱালীৰ । সিহঁতে নাজানে যে উজ্জ্বল বস্তু মানেই যে সোণ নহয় । জানিবই বা কেনেকৈ , তেওঁলোকৰ বাবে বাইক , DSLR ,টকা আদি থকা লৰাবোৰহে ভাল । লাগিলে তেওঁ মদাহীয়ে হওক । লাগিলে তেওঁৰ বাইক , DSLR আনৰেই হওক । মুঠতে তেওঁ ভাল । আনহাতে এইবোৰ যদি নাথাকে তেন্তে ভাল ল’ৰা এজনো বেয়া তেওঁলোকৰ দৃষ্টিত । আচল কথা ক’বলৈ গ’লে সঁচা ভালপোৱা ল’ৰা এজনক বুজিবলৈ চেষ্টা নকৰি প্ৰবঞ্চক এজনৰ ওচৰত প্ৰকৃত মৰম ভালপোৱা বিচাৰি যোৱাটো কিছুমান ছোৱালীৰ জন্মগত লক্ষণ বুলিব পাৰি । আৰু শেষত যেতিয়া গোপন ভিডিঅ’ ভাইৰেল হৈ যায় আৰু ৰাম ঠগন খাই তেতিয়াই মাৰিব কমন ডাইলগটো “সকলো ল’ৰা একেই ” তেওঁলোকে নাজানে যে দহোটা আঙুলি সমান নহয় । সেইসকল সুন্দৰী বান্দৰীক মই ক’ব বিচাৰোঁ যে তোমালোকে ভবা দৰে সকলো ল’ৰা একেই নহয় বা বেয়া নহয় । বেয়া তোমালোকৰ মন আৰু চিন্তাধাৰাহে । সঁচা ভালপোৱাত শাৰীৰিক সম্পৰ্ক আৰু গোপণ ভিডিঅ সৃষ্টি নহয় । মিছা বিলাসীতাৰ লোভত পৰি গোপন ভিডিঅ বনোৱাৰ সুবিধা তোমালোকে নিজেই দিয়া । গোপন ভিডিঅ আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ নিদিলে ব্ৰেক আপ হৈ যাব বুলি ভয় তোমালোকৰ । এটা কথা সদায় মনত ৰাখিবা যে যিজনে তোমাক সঁচা অন্তৰেৰে ভালপাব তেওঁ কেতিয়াও বিয়াৰ আগত শাৰীৰিক সম্পৰ্ক (Pre marital Sex) ৰ বাবে জোৰ জবস্তি নকৰে । কিয়নো সঁচা ভালপোৱা অন্তৰৰপৰা সৃষ্টি হয় শৰীৰৰ পৰা নহয় । 

ৰিমঝিম বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *