0 00 1 min 5 yrs 204
গোলাঘাট, ৫ মাৰ্চ: আজি গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত, বিশিষ্ট কবি, প্ৰকৃতিপ্ৰেমী, মানৱদৰদী প্ৰশাসনিক বিষয়া  উৎপল দলেক গোলাঘাটৰ অগ্ৰণী যুৱকল্যান অনুষ্ঠান “পুনচাং” আৰু “বিবেকানন্দ”ৰ উদ্যোগত  বিপুল সম্বৰ্দ্ধনা জনোৱা হয় ৷
২০১৬ত কৰ্মসূত্ৰে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰি জিলাখনৰ বিশেষকৈ গ্ৰাম্য আৰ্থ-সামাজিক বিকাশৰ লগতে প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণত আদিত অগ্ৰণী ভূমিকা লয় ৷
কৰ্মসূত্ৰে বদলিকৰণৰ ক্ষণত  আজি গোলাঘাট সদৰ কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰিয়ে আঁত ধৰা অনুষ্ঠানত উৎপল দলে ডাঙৰীয়ক গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনায় পুনচাঙ যুৱকল্যানৰ সভাপতি চিত্ৰৰঞ্জন মিলি, কোষাধ্যক্ষ অভিজৎ বৰি আৰু
বিবেকানন্দ যুৱকল্যান সমিতিৰ সম্পাদক দিনমণি ফুকনে ৷
ইয়াৰ সমান্তৰাল ভাৱে ভিন্ন সংগঠন, কমাৰগাঁও সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামান, কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, কবি-সাংবাদিক পলিমা চেতিয়া বসুমতাৰী, কবি হেমা চৌধুৰী গগৈ, যুৱ সমাজকৰ্মী বিচিত্ৰ ৰাভা আৰু প্ৰমোদ বৰি আদিয়ে সম্বৰ্দ্ধনাৰে শুভেচ্ছা জনায় ।
দ্বীপ হেষ্টিংচ বৰি

Leave a Reply

Your email address will not be published. Required fields are marked *