0 00 1 min 3 yrs 184

Attention অসম চৰকাৰৰ সমাজ কল্যান বিভাগ

Attention সোণাৰী বিধান সভা সমষ্টিৰ বিধায়ক মহোদয় ৷

বিধায়ক মহোদয়ে মণত পেলাবনে সমষ্টি উন্নয়নৰ প্ৰাক-নিৰ্ব্বাচনী প্ৰতিশ্ৰুতি ?

এই যে কৰ্দয্যময় পানীৰ নলাটো দেখিছে ? আপোনাৰ শুনিয়ে চকু কপালত উঠিব যে এইটো নলাৰ পানী খায়েই বছৰ বছৰ ধৰি জীৱন নিৰ্ব্বাহ কৰিছে এখন গাওঁৰ ৰাইজে ৷

হয় ,
গাওঁখন কৈলাশপুৰ ৷ চৰাইদেউ জিলাৰ সোনাৰী বিধান সভা সমষ্টিৰ ১নং চৰাইপুঙত আছে এইখন গাওঁ ৷ গাওঁখনলৈ যাবলৈ নাই কোনো নিদিষ্ট বাট-পথ ৷ বাৰিষা একাঠু বোকা-পানীত খোজ দিয়ে যাতায়ত কৰিব লাগে গাওঁখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু গাওঁবাসীয়ে ৷

স্বাধীনোত্তৰ কালৰ প্ৰতিখন চৰকাৰ তথা বৰ্তমানৰ চৰকাৰেও, ঘৰে ঘৰে বিজুলি দিয়াৰ প্ৰতিশ্ৰুতিক নস্যাৎ কৰি গাওঁবাসীয়ে আজিকোপতি দেখা নেপালে বিজুলিৰ পোহৰ ৷ বৰ্তমান ক’ভিড কালৰ অন-লাইন শিক্ষা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অলিক সপোনহে মাত্ৰ ৷

স্বাধীনোত্তৰৰ সময়চোৱাত সমষ্টিটোত বিধায়ক হিচাবে নিৰ্ব্বাচিত হ’ল আৰু গ’ল বহুজন ৷ কিন্তু এই অঞ্চলটোৰহে উন্নয়ন নহ’ল ৷

অঞ্চলবাসীৰ দূৰ্দশাৰ কথা চিন্তা কৰিবলৈ সময় পাবনে বৰ্তমানৰ নৱ-নিৰ্ব্বাচিত সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ? সাৰ পাবনে অসম চৰকাৰৰ সমাজ কল্যান নামৰ বিভাগটোৱে ?
অঞ্চলবাসীৰ বাবে এইটো এটা লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

সংবাদ দাতাঃতিলু লাহন ।

Leave a Reply

Your email address will not be published. Required fields are marked *