0 00 1 min 4 yrs 221

ক’লা হৈ যোৱা কলিজাৰ নতুন কলি,
ডালে ডালে পাতে পাতে ভৰপূৰ হক
ক’লা ক’লা সপোন,
নালাগে সেউজীয়া
নালাগে ৰঙা ,
নালাগে কিম্বা বাৰেৱৰণিয়া !!
ক’লা মোৰ ওচৰতেই,
বিচাৰিম ক’লা,
আগত পিছত সোৱে বাওঁৱে ,
দুৰতো ক’লা, বহু দূৰত !!
খেদি যাম ক’লা ক’লা সপোনবোৰ ।
ক’লা সত্য, ক’লা অপৰিবৰ্তি,
ক’লা স্থায়ী, ক’লা দীৰ্ঘস্থায়ী
যুগ বহু যুগ ………
নলওঁ ৰঙীন আৱৰণ
নলবা তুমিও,,
মই সত্য,মই সহজ
মোৰ আছে ক’লাৰ আৱৰণ ।
ক’লাতেই আছে মোৰ সকলো,
ক’লা হৈ যোৱা কলিজাৰ নতুন কলি
বিস্তাৰ কৰক মোৰ পৃথিৱীত ।
                      মিদুল আলী ।।

Leave a Reply

Your email address will not be published. Required fields are marked *