0 00 1 min 4 yrs 223

যোৱাবেলি মাঘৰ উৰুকা ৰাতি                                            শুক্লপক্ষৰ জোনাকৰ

আলোক ৰঞ্জনত দেখিছিলো
জোনৰ দৰে নিভাজ পোহৰৰ
মাজত এটি মিঠা হাঁহি ৷
মোৰ বন্ধ কোঠালিত হঠাৎ ধিমিক-ধামাককৈ জ্বলি উঠিছিল পোহৰ ।
নিসংগতাই বেৰি ধৰা মোৰ কোমলীয়া হিয়া
এটি মুহূৰ্তৰ বাবে চঞ্চল হৈ উঠিল ৷
উৎকণ্ঠাৰে মুক্ত আকাশৰ তলত
চিঞৰি কবলৈ মন গৈছে
প্ৰেম নে তোমাৰ প্ৰতিছবি
নে অলীক কল্পনা !
মোৰ উন্মাদ বাসনা নভবাকৈ
বহু দূৰ আগুৱাই গ’ল ৷
মোৰ দুচকুত
তোমাৰ নীলা চকুযুৰি ভাহি থাকিল।
কিন্তু স্বপ্নীল মন বহু দিনলৈ সপোন হৈ ৰ’ল। 
কল্পনা ছাই হৈ গ’ল, সময়ো হেৰাই গ’ল।
সময় হেৰালে জানোচা
পৰিসীমা হেৰাই যায় ৷
মেঘালী চুলিতাৰিৰে আৱৰা
নীলনয়না তোমাৰ হাঁহিৰ মিচিকি
ৰঙা চাদৰৰ আচলেৰে ধকা
যৌৱন বুলীয়া লাৱনি দেহাটি
চকুৰ আগত ধূলিসাৎ হৈ গ’ল,
বাস্তুৱত পৰিণত নহ’ল ৷
মনৰ মৰমবোৰ গুপুত হৃদয়ৰ
মণিকোঠাত স্তব্ধ হ’ল ৷
অপেক্ষাত মাথো এটা দিনৰ।
উৰুকা নিশাৰ শুক্লপক্ষৰ
সেই কালজয়ী নিশাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *