0 00 5 yrs 200
মানিশাৰ আন্ধাৰ আতৰাই
  পোহৰৰ দলিচা পাৰি ,
জোনাক সৰকিছে
অকণ্টক বনৰ মাজত,
শেৱালিও ফুলিছে হৃদয়ত স্পন্দন জাগিছে
বাজিছে মনত বীণা ,
ইন্দ্ৰমালতীৰ ইন্দ্ৰজালত
ইন্দ্ৰিয়ৰ কম্পনৰ মধুৰ সুৰ,
  শুনিলেই দেহ মন জুৰাই
প্ৰতিধ্বনি হয় বুকুত,
   জোনাকে জগাব
জোনাকে পোহৰাই তুলিব
অতীতৰ ৰোমন্থনৰ সৰাপাতখিলা
  জোনাকৰ বুকুতে সাৰ পাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *