0 00 4 yrs 213
কনমইনা দাস গৰুমৰা,১৭জানুৱাৰী,২০২০:

উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বেলগুৰি গাঁৱৰ সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ বেলগুৰি গাঁৱৰ গাওঁৰক্ষী বাহিনী আৰু অনুসূচিত জাতি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি উপলক্ষে শিল্পী দিৱস উদযাপন কৰা হয়। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগতে অসমীয়া জনজীৱনৰ মানসিক চিন্তাধাৰালৈ বৈপ্লৱিক পৰিবৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চিৰজ্যোতি উজ্জ্বল জ্যোতিষ্ক,কবি গীতিকাৰ, অসমীয়া বোলছবি জগতৰ প্ৰাণপ্ৰতিষ্ঠা , নাট্যকাৰ, অসমীয়া নাৰী জাতিক বিশ্বদৰবাৰত স্বকীয় পৰিচয়ৰে জীয়াই থাকিবলৈ শিকাওৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান প্ৰত্যেক অসমীয়াৰে জ্ঞাত।আজি তেখেতৰ কৰকমলত এগছি বন্তি আৰু মাল্যাৰ্পণ লগতে পুষ্প বৃষ্টি কৰা। আজিৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল পেগুৱে আৰু সহযোগ কৰে সহকাৰী শিক্ষক ৰামধন ছাৰহে।তাৰ পিছত সভাপতি আসন গ্ৰহণ কৰে সহকাৰী শিক্ষক ৰামধন ছাৰহে। গাঁৱৰ বয়োবৃদ্ধসকলৰ লগতে কন কন শিশুসকল উপস্থিত থাকে। সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰতিস্থাপক সম্পাদক কনমইনা দাসে আঁতধৰা অনুষ্ঠানটিত ভীমৰাজ দাসে এটি জ্যোতি সংগীতেৰে অনুষ্ঠান মুকলি কৰে।তাৰ পিছত কন উদ্দেশ্য ব্যাখ্যা কৰে উদীয়মান যুৱক কনমইনা দাসে। অনুষ্ঠানত গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি প্ৰদীপ পেগু, সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ, সভাপতি বিমল দাস, বেলগুৰি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি কলিয়া দাস,সতেজন যুৱক পদ্মৰাম দাস, বাবুল দাস, প্ৰশান্ত দাস, ৰত্নকান্ত পেগু,বিজয় পেগু ,পৰেশ পেগু, সাংস্কৃতিক সম্পাদক অংকুৰ মেধি, লগতে কন কন শিশুসকলৰ অভিভাৱকসকল আৰু গাঁৱৰ যুৱতী সকল উপস্থিত থাকে।কন শিশুসকলে কবিতা,গীত আৰু জ্যোতিসংগীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰে। সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ বিমল দাসে মহান শিল্পীজনাৰ আদৰ্শ কৰ্মৰাজী কন কন শিশুসকলৰ মাজত সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াই। শেষত বিভিন্ন ধৰণৰ সাংস্কৃতিক গীত নৃত্যৰ অনুষ্ঠান সম্পন্ন কৰা হয়। গ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত অসমৰ বৰণ্য ব্যক্তিসকলৰ কৰ্ম আদৰ্শৰে তেওঁলোকক আগুৱাই লৈ যোৱাত গাঁৱৰ সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ, গাঁৱৰ গাওঁৰক্ষী বাহিনী আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগতাসকলে আপ্ৰাণ চেষ্টা চলাই আহিছে।কন কন শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে গাওঁখনৰ যুৱকসকলে প্ৰতিটো দিৱস উদযাপন কৰি শিশুসকলক সময়ৰ খোজে খোজে আগবাঢ়ি যাবলৈ সহায় কৰিছে। এইক্ষেত্ৰত অসমবাসীৰ গঠনমূলক দিহা পৰামৰ্শ আৰু সহায় সহযোগ কামনা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *