0 00 1 min 4 yrs 220

সমগ্ৰ দেশৰ লগতে বোকাখাততো স্বাস্হ্য বিভাগ সাজু হৈছে কৰ’ণা ভাইৰাচৰ প্ৰতিৰোধৰ বাবে। বোকাখাত ছহিদ মকলামিৰি অসামৰিক চিকিৎসালয়ত সাজু কৰি তুলিছে দুখন বিচনা সংলগ্ন আইচলেছন কক্ষ। যদিও  বৰ্তমানলৈকে বোকাখাতত ধৰা পৰা নাই এজনো কৰ’না সংক্ৰামক ৰোগী, তথাপিও মহকুমা স্বাস্থ্য বিভাগে যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সাজু কৰি ৰাখিছে সকলো ব্যৱস্থা।যদি কোনো ভাইৰাচ আক্ৰান্ত ৰোগী  চিকিৎসালয়লৈ আনিব লগা হয় তাৰ বাবে সাধাৰণ ৰোগীৰ জনসমাগমৰ পৰা আঁতৰাই  এক আচুতীয়া পথেৰে অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বোকাখাতৰ লগতে কঁহৰা আদৰ্শ চিকিৎসালয়ত অধিক isolation ৰ ব্যৱস্থা গ্ৰহন কৰিছে মহকুমা স্বাস্থ্য বিভাগে।

পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *