0 00 5 yrs 110

১‍১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা বোকাখাতত আজি অনুস্থিত হয়। কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বোকাখাতত উপস্হিত হয় ৰাহুল গান্ধী। বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিশাল ৰাজহুৱা নিৰ্বাচনী সভা আয়োজন কৰি ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১৪ট‍া বিধানসভা সমষ্টিৰ পৰা ১৬ ৰ পৰা ২০ হাজাৰ লোক সমাগম ঘটে  সভাখনত। গৌৰৱ গগৈৰ জয়  নিশ্চিত কৰাবৰ বাবে নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে ভোটাৰক সম্ভাষণ  জনাই।ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে বি.জে.পি. দলক সমালোচনা কৰাৰ লগতে প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীক মিচলীয়া আখ্যা দিয়ে।লোকসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে ৰাহুল গান্ধী প্ৰধান মন্ত্ৰী হব আৰু ভাৰতৰ ২০ শতাংশ দৰিদ্ৰ লোকক বচৰি ৭২ হাজাৰ টকাকৈ অনুদান আগবঢাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সভাত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন,দেৱব্ৰত শইকীয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অজন্তা নেওগ, বিস্মৃতা গগৈ, ৰেকিবুদ্দীন আহমেদ আৰু অৰুণ ফুকন। সভা আৰম্ভৰ প্ৰাক ক্ষণত প্ৰাৰ্থী গৌৰৱ গগৈয়ে বোকাখাতৰ বিভিন্ন স্থানত সমৰ্থক সহ বাইক ৰেলিৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। নিৰ্বাচনী প্ৰচাৰৰ বাবে দিনৰ ৰাহুল গান্ধী আজি দিনৰ ১১ বজাত উপস্হিত হোৱা কথা আছিল যদিও দুপৰীয়া ২ বজাতহে সভাস্থলিত উপস্হিত হয়। ৰাহুল গান্ধীৰ প্ৰচাৰে কলিয়াবৰত গৌৰৱ গগৈক নিৰ্বাচনী বৈতৰনী পাৰ কৰিব পাৰিবনে নোৱাৰে সেয়া সময়েহে কব।
বোকাখাতৰ পৰা
পপী শইকীয়া 

Leave a Reply

Your email address will not be published. Required fields are marked *