0 00 1 min 5 yrs 211
  শিক্ষা জীৱনৰ প্ৰথমটো জখলা সফলতাৰে অতিক্ৰম কৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে অঞ্চল তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ গতি আৰু অধিক দ্ৰুত কৰিবৰ বাবে বোকাখাতত দেওবাৰে অভিনন্দন জনালে অগপ সভাপতি, কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, গ্ৰন্থ আৰু গামোচাৰে অভিনন্দন জনায়। অভিনন্দন অনুষ্ঠানত উপস্হিত থাকে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলী,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিৰন্ত্ৰক ড: দয়ানন্দ বৰগোহাঁই , গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰীকা, আৰক্ষী অধীক্ষক পুস্পৰাজ সিং, মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া কল্যান কুমাৰ দাস আৰু বিশিষ্ট ব্যক্তি সকল। সমষ্টিটোৰ ৪১ খন বিদ্যালয় আৰু ১০ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে বিশিষ্ট ব্যক্তি সকলে।

  সদ্যঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ  মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বোকাখাতৰ বিধায়ক অতুল বৰাৰ উদ্যোগত দেওবাৰে অভিনন্দন অনুষ্ঠান বোকাখাত নাট্যমন্দিৰত অনুস্থিত হয়। অভিনন্দন অনুষ্ঠানত পাঁছ শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, গ্ৰন্থ আৰু ফুলাম গামোচাৰে অভিবাদন জনায়।

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *