0 00 5 yrs 122
   বোকাখাতৰ ডিফলু নদীত আজি এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ সমনীয়াৰ সৈতে নদীখনত গা ধুই থকা অৱস্থাত পাম্পে উড়িয়া নামৰ এজন কিশোৰ হৰ্থাৎ নদীখনৰ ডুবিত ডুব যায় ৷ বহু সময় ধৰি ওলাই নহাত নদীখনৰ দলঙৰ ওপৰত থকা এজন যুৱকে ডুবিটোত নামি বিচাৰি বিচাৰি মৃত অৱস্থাত পাম্পে উড়িয়াক উদ্ধাৰ কৰে ৷ বোকাখাতৰ ডিফলু চাহ বাগিচাৰ উড়িয়া বস্তীৰ মিতু উড়িয়াৰ একমাত্ৰ সন্তান পম্পে উড়িয়া মৃত্যুৰ বীতৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত লোকে লোকাৰণ্য হৈ পৰে ৷ পৰৱৰ্তি সময়ত বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *