0 00 5 yrs 216
 

       বানাক্ৰান্ত ৰাইজৰ খবৰ ললে অসমৰ ৰাজ্যপালে। বানৰ কবলত পৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা আৰ্তজনৰ অভাৱ অসুবিধাৰ কথা গম লয় ৰাজ্যপাল জগদীশ মুখীয়ে দেউবাৰে বোকাখাতত। বৰ্তমান পানী শুকাইছে যদিও বানপিড়িত লোকৰ বাসগৃহ সমূহ বসবাসৰ উপযোগী হৈ নুঠাত মহকুমা প্ৰশাসনে স্থাপন কৰা অধিকাংশ শিবিৰতে এতিয়াও আছে বহু সংখ্যক লোক।  ৰাজ্যপাল গৰাকীয়ে দিনৰ ১২:৩০ বজাত হেলিকপ্তাৰে আহি বোকাখাতৰ নামদয়াং প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰত উপস্থিত হৈ ৰাইজৰ খবৰ লয়। ভ্ৰমণ কালত ৰাজ্যপালক সংগ দিয়ে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবদ্যই। কাজিৰঙাৰ বন্যজীৱ ৰক্ষাৰ বাবে উদ্যানখনত আৰু হাইলেণ্ড নিৰ্মাণ কৰাৰ পৰামৰ্শ  আগৱঢ়ায়। অসমৰ বান পানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ সন্দৰ্ভত কয় যে . যিকোনো সমস্যা স্বীকৃতি প্ৰদান কৰিলেই সমস্যা সমাধান নহয়। সমস্যা সমাধানৰ বাবে স্থানীয় ভাবে ৰাজ্য চৰকাৰে উপায় উদ্ভাৱন কৰিব লাগিব। ৰাজ্যপাল গৰাকীয়ে বোকাখাতৰ বানশিবিৰ পৰিদৰ্শন কৰাৰ উপৰিও কাজিৰঙাৰ মিহিমুখ পৰিদৰ্শন কৰে।

আনহাতে “চোৰ গলে বুদ্ধি..
বৰষুণ গলে জাপি” এই বাক্যফাঁকী যেন আখৰে আখৰে প্ৰমান কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবদ্যই।
কাজিৰঙাত বান শুকুৱাৰ পাছত উদ্যান খনৰ খবৰ লবলৈ অাহিল বনমন্ত্ৰী।
বানৰ কৱলত পৰি কাজিৰঙাৰ জীৱকূল ককবকাই থকাৰ কালত বন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ কাজিৰঙাৰ খবৰ লবলৈ আহৰি নহল। আজি বান শুকাই যোৱাৰ পাছত ৰাজ্যপালক সংগ দিবলৈ  বোকাখাতলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হব লগা হয় মন্ত্ৰী গৰাকী। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰৰ বিপৰিতে দায়সৰা মন্তব্য প্ৰদান কৰি পলায়নৰ চেষ্টা কৰা পৰিলক্ষিত হয়।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *