0 00 1 min 5 yrs 205
বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত বুধবাৰে এক নিৰ্বাচন কেন্দ্ৰিক সংঘাট সংঘটিত হয় ৷ অহা এক অক্টোবৰত মহাবিদ্যালয়খনৰ ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ মঙ্গলবাৰে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন আছিল আৰু এটা ফৈদৰ মনোনয়ন নাকচ হয় ৷ এই লৈ বুধবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৰুমৰ সন্মুখত মনোনয়ন পত্ৰ নাকচ হোৱা ফৈদৰ ছাত্ৰই প্ৰতিবাদ কৰাৰ লগতে দুটা ফৈদৰ মাজত হতাহতি আৰু মাৰপিট আৰম্ভ হয় ৷ উদণ্ড একাংশ ছাত্ৰই মহাবিদ্যালয়ৰ আচবাব অনিষ্ট কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা মহকুমা আৰক্ষী বিষয়াৰ গাড়ীতো আক্ৰমণ কৰি গাড়ীখন অনিষ্ট কৰে ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয় চৌহদত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েম কৰা হৈছে ৷ আনকি বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সভাপতিকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যদিও দৈব্য ক্ৰমে তেওঁ ৰক্ষা পৰে ৷ ইতিমধ্যে মহাবিদ্যালয় কতৃপক্ষই উদণ্ড ছাত্ৰ সকলক চিনাক্ত কৰি তেওঁলোকৰ  বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত থানাত গোচৰ ৰুজু কৰিছে ৷
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *